ৰাজস্থানৰ পোখৰাণত তিনিদিনীয়াকৈ ভাৰতীয় বায়ুসেনাৰ ‘ড্ৰ'ণাথন ২০২৬' প্ৰদৰ্শনী

ৰাজস্থানৰ পোখৰাণত তিনিদিনীয়াকৈ ভাৰতীয় বায়ুসেনাৰ ‘ড্ৰ'ণাথন ২০২৬' প্ৰদৰ্শনী
View on original source
Category: Business
Share
Archive
Like
নতুন দিল্লী: ভাৰতীয় বায়ুসেনাই ১৪ পৰা ১৬ ছেপ্টেম্বৰলৈ ৰাজস্থানৰ জয়ছালমেৰৰ পোখৰাণ ৰেঞ্জত 'ড্ৰ'ণাথন' নামেৰে এক প্ৰদৰ্শনী অনুষ্ঠিত হ'ব ৷ যাৰ লক্ষ্য হৈছে ঘৰুৱা নিৰ্মাতাসকলক মানৱবিহীন বিমান ব্যৱস্থা নিৰ্মাণ (UAS) আৰু কাউণ্টাৰ ইউএএছত নিজৰ সামৰ্থ্য আৰু অগ্ৰগতি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰ হ'ব ৷ মঙলবাৰে এই সন্দৰ্ভত ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই এক্স যোগে উল্লেখ কৰে,"ভাৰতীয় বায়ুসেনাই ১৪–১৬ ছেপ্টেম্বৰ তাৰিখে পোখৰাণত 'IAFDronathon' আয়োজন কৰা হৈছে ৷ য'ত আইএএফৰ বিশেষজ্ঞতা আৰু ভাৰতীয় উদ্যোগক একত্ৰিত কৰি নিৰ্মাণ কৰা উন্নত মানৱবিহীন প্ৰযুক্তি প্ৰদৰ্শন কৰা হৈছে ।" From innovation to operational capability.The Indian Air Force is hosting #IAFDronathon at Pokhran from 14–16 Sep 26, bringing together IAF operational expertise and Indian industry to showcase advanced unmanned technologies. Focused on Atmanirbharta, the event will identify… pic.twitter.com/VI2l4E9Kag লগতে কোৱা হৈছে,"আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে ৷ য'ত ঘৰুৱাভাবে প্ৰস্তুত কৰা প্ৰযুক্তি, জৰুৰীকালীন পৰিস্থিতিৰ সমাধানৰ চিনাক্ত কৰা আৰু আইএএফৰ মানৱবিহীন সামৰ্থ্য শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।" প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, ইয়াৰ দ্বাৰা সমস্যা সমাধান চিনাক্তকৰণ আৰু যুদ্ধ ফলপ্ৰসূতা মূল্যায়ন কৰাত সহায়ক হ'ব । আইএএফে ঘৰুৱা নিৰ্মাতাসকলক মানৱবিহীন বিমান ব্যৱস্থা (ইউএএছ) আৰু কাউণ্টাৰ-আনমেনেড এৰিয়েল চিষ্টেম (চিইউএএছ)ত নিজৰ সামৰ্থ্য আৰু উন্নতি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে 'ড্ৰ'ণাথন ২০২৬'ৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰিছে ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয়," চোৰাংচোৱাগিৰি আৰু গোপনীয়তা আৰু ইলেক্ট্ৰনিক যুদ্ধৰ মূল ক্ষেত্ৰসমূহৰ ভিতৰত গুৰুত্ব আৰোপ কৰা হৈছে । আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিশেষজ্ঞ, ষ্টাৰ্ট-আপ, আৰু উদ্ভাৱকসকলক একত্ৰিত কৰি থলুৱা প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা প্ৰয়োজন আছে । এনে পদক্ষেপৰ জৰিয়তে আইএএফে দ্ৰুতগতিত পৰিৱৰ্তিত কাৰ্যকৰী পৰিৱেশত নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ প্ৰযুক্তিগতভাৱে উন্নত, থলুৱা আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত বাহিনী গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।" লগতে পঢ়ক:ভাৰতীয় সেনাৰ বাবে ১,১০ লাখ কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয়ত অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

(0)Comments

 

A note on cookies

Newshunt uses essential cookies to keep you signed in and to remember your language and country, so the site works the way you expect. With your permission, we'd also like to use analytics cookies to understand how people use Newshunt and improve it over time.

Accepting only affects analytics. To learn more, view our Privacy Policy or Terms & Conditions.