ET

ETV Bharat

চীনক বৰ্জন এটা সম্ভাৱ্য অৰ্থনৈতিক বাস্তৱ নে কেৱল আকাংক্ষা ?

Image
এম ভেংকটেশ্বৰলু ভাৰত আৰু আন কেইবাখনো দেশত বিশেষকৈ ইউৰোপ, আমেৰিকা, ভিয়েটনাম, ফিলিপাইনছত সঘনাই চীনা সামগ্ৰী বৰ্জনৰ আহ্বান দেখা যায় । ভূ-ৰাজনৈতিক উত্তেজনা আৰু আনুষংগিক জনচেতনাৰ সময়ত চীনৰ সামগ্ৰী বৰ্জনৰ আহ্বান তীব্ৰতৰ হোৱাৰ প্ৰৱণতা থাকে । কিন্তু এই আন্দোলনসমূহে উদ্দেশ্যপ্ৰণোদিত অৰ্থনৈতিক লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছে । চীনৰ সামগ্ৰীসমূহ বিশ্বৰ যোগান শৃংখলৰ সৈতে সংযুক্ত আৰু প্ৰতিযোগিতামূলক মূল্যত উপলব্ধ । চীন বিৰোধী আৱেগ সত্ত্বেও বছৰৰ পিছত বছৰ ধৰি চীনে নিজৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰি আহিছে । ইয়াৰ দ্বাৰা আৱেগিক আৰু ৰাজনৈতিক অনুভূতিৰ দ্বাৰা পৰিচালিত বৰ্জনৰ ওপৰত অৰ্থনৈতিক বিবেচনাৰ গুৰুত্ব প্ৰমাণিত হয় । সঘনাই বাণিজ্য বৰ্জন আৰু চীনা সামগ্ৰী বিৰোধী আৱেগৰ লক্ষ্য হৈ পৰা চীন হয়তো একমাত্ৰ দেশ, যাৰ প্ৰধান কাৰণ হিচাপে ইয়াৰ সামগ্ৰীৰ নিম্ন মানদণ্ডৰ কথা উল্লেখ কৰা হৈছে । মন কৰিবলগীয়া যে চীনৰ সৈতে সৰ্বাধিক বাণিজ্য থকা দেশসমূহে প্ৰায়ে বৰ্জনৰ আহ্বান জনায়, নিষেধাজ্ঞা আৰোপ কৰে আৰু সঘনাই শুল্ক আৰোপ কৰে । দেশত নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰ আৰু চীনা সামগ্ৰী বৰ্জনৰ কৰাৰ বাবে গ্ৰাহক নেতৃত্বাধীন আন্দোলনো চলি আছে । আচৰিত কথাটো হ'ল যে বৰ্জনৰ আহ্বান আৰু বাণিজ্য নিষেধাজ্ঞা বেছিভাগেই ইউৰোপ, আমেৰিকা, ভাৰত, ভিয়েটনামৰ দৰে প্ৰধান বাণিজ্যিক অংশীদাৰ দেশসমূহৰ পৰাই হয় । এই দেশসমূহত চীনৰ সামগ্ৰী বৰ্জন কৰাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা আহ্বান দেখা গৈছে । এই বৰ্জনৰ আহ্বান ২০১০ চনত বৃদ্ধি পায় আৰু ক'ভিড-১৯ মহামাৰীৰ পিছত ইয়াৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয় ৷ সাধাৰণতে এই বৰ্জনসমূহক গ্ৰাহকৰ আন্দোলন হিচাপে দেখা যায় আৰু ই দেশ বা অঞ্চলৰ বিশেষে নিৰ্দিষ্ট, আৰু ইয়াৰ সময়সীমা কম । ইউৰোপে চীনত মানৱ অধিকাৰ উলংঘাক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উদ্বেগ অব্যাহত আছে । তদুপৰি ইউৰোপ বিশ্বৰ যোগান শৃংখলৰ দুৰ্বলতাৰ বাবে চিন্তিত, যাৰ ফলত ইউৰোপীয় নীতি নিৰ্ধাৰক আৰু উদ্যোগপতিসকলে চীনৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছে । একেদৰে আমেৰিকায়ো চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ বিৰোধিতা কৰিছে । কিন্তু বাণিজ্যিক নিষেধাজ্ঞা আৰু শুল্ক ব্যৱহাৰ কৰি চীনৰ সামগ্ৰী আমেৰিকাত প্ৰৱেশ কৰাত বাধা দিয়াৰ লগতে প্ৰৰোচনা, কেন্দ্ৰীভূত যোগান শৃংখলৰ বৈচিত্ৰ আৰু আমদানিকৃত সামগ্ৰীতকৈ ঘৰুৱা সামগ্ৰীৰ অনুকূল ৰাজহুৱা ক্ৰয় নীতিৰ জৰিয়তে ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে আমেৰিকাই এক পৃথক কৌশল গ্ৰহণ কৰিছে । আমেৰিকাৰ কিছুমান গোটেও গ্ৰাহকক চীনৰ সামগ্ৰীতকৈ আমেৰিকাত নিৰ্মিত সামগ্ৰী পছন্দ কৰিবলৈ উৎসাহিত কৰিবলৈ অভিযান আৰু গ্ৰাহক আন্দোলন আৰম্ভ কৰিছে । মুঠ ক্ষেত্ৰফলৰ হিচাপত চীন তৃতীয় বৃহত্তম দেশ আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ । চীনে এই সুবিধাসমূহৰ সহায় লৈছে- ভূমিৰ পৰিমাণ, প্ৰচুৰ প্ৰাকৃতিক সম্পদ আৰু বৃহৎ শ্ৰমিক শক্তি ৷ জিডিপিৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে চীন । দীৰ্ঘম্যাদী নীতি, বিনিয়োগ আৰু বিশ্ব বাণিজ্যৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে চীনে এক বৃহৎ, উন্নত উৎপাদন ভিত্তি আৰু দক্ষ কৰ্মশক্তি গঢ়ি তুলিছে । দেশখনে কেৱল দক্ষিণ-পূব এছিয়াতে নহয়, বিশ্বজুৰিও এক প্ৰধান অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । চীনে ১৪ খন চুবুৰীয়া দেশৰ সৈতে স্থল সীমাৰেখা ভাগ কৰে । এই সীমান্তৰ কিছু অংশ বিবাদিত, যাৰ ফলত ভাৰত আৰু ভিয়েটনামৰ দৰে চুবুৰীয়া দেশৰ সৈতে ভূখণ্ডৰ বিবাদ আৰু অব্যাহত আছে উত্তেজনা । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চীনৰ ফিলিপাইনছ, ভিয়েটনাম, মালয়েছিয়া, ব্ৰুনাই, টাইৱান, জাপানকে ধৰি কেইবাখনো দেশৰ সৈতে গুৰুতৰ সামুদ্ৰিক বিবাদ আছে । এই বিবাদসমূহ মূলতঃ দক্ষিণ চীন সাগৰৰ দ্বীপ, ৰিফ আৰু সামুদ্ৰিক অঞ্চলৰ দাবীৰ সৈতে জড়িত, আনহাতে জাপানৰ সৈতে বিবাদ পূব চীন সাগৰৰ দ্বীপসমূহৰ সৈতে জড়িত । চীনৰ ওচৰৰ আন আন প্ৰধান দেশসমূহ হ'ল ভাৰত, ভিয়েটনাম আৰু ফিলিপাইনছ, যিবোৰে ভূখণ্ড আৰু সামুদ্ৰিক বিবাদ আৰু চীনৰ সামগ্ৰিক আধিপত্যৰ বাবে চীনৰ সামগ্ৰী আমদানিৰ বিৰোধিতা কৰে । ভিয়েটনাম আৰু ফিলিপাইনছত দক্ষিণ চীন সাগৰত ভূখণ্ডৰ বিবাদ, চীন বিৰোধী আৱেগ, ৰাজনৈতিক হেঁচা, সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি উদ্বেগ আদিৰ বাবে চীনা সামগ্ৰীৰ গ্ৰাহকে বৰ্জন কৰাটো সাধাৰণ কথা । ভাৰতৰ চীন বিৰোধী আৱেগ আৰু চীনা সামগ্ৰীৰ গ্ৰাহক বৰ্জনৰ দীৰ্ঘ ইতিহাস আছে, ১৯৬২ চনৰ পৰাই । সাধাৰণতে বিশ্বাস কৰা হয় যে চলি থকা সীমান্তৰ উত্তেজনা, ভূখণ্ডৰ বিবাদ, আত্মনিৰ্ভৰশীলতা লাভৰ প্ৰচেষ্টাৰ মাজত চীনৰ সামগ্ৰী পৰিহাৰ কৰাটোৱেই দেশৰ সৈতে সংহতি প্ৰদৰ্শনৰ সঠিক উপায় । ২০২০ চনৰ জুন মাহত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা হিংসাত্মক ঘটনাই জনসাধাৰণৰ আৱেগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাক আৰু অধিক জগাই তুলিছিল । ইয়াক চীন সন্দৰ্ভত জনমতৰ টাৰ্নিং পইণ্ট হিচাপেও প্ৰত্যক্ষ কৰা গৈছে, যিয়ে চীন বিৰোধী আৱেগক আৰু অধিক শক্তিশালী কৰি তুলিছে । ভাৰত চৰকাৰে ঘৰুৱা উৎপাদনক সমৰ্থন আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে নীতিগত পৰ্যায়ৰ কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰিছে, আৰু কৌশলগত খণ্ডত বিদেশী বিনিয়োগৰ ওপৰত নিৰীক্ষণ বৃদ্ধি কৰিছে । 'মেক ইন ইণ্ডিয়া' আৰু 'ভ'কেল ফৰ লোকেল'ৰ দৰে নীতিভিত্তিক পদক্ষেপে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ সমৰ্থন আৰু অধিক শক্তিশালী কৰিছে । অৱশ্যে চীন এতিয়াও ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ হৈ আছে । উৎপাদন উপাদান আৰু ঔদ্যোগিক কেঁচামালৰ ওপৰত অধিক নিৰ্ভৰশীলতাৰ বাবে ২০২৬ চনৰ জুন মাহত চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক ঘাটি সৰ্বকালৰ সৰ্বোচ্চ ১১২.১৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায় । ২০২৫-২৬ চনৰ ভিতৰত ভাৰতৰ সৈতে চীনৰ বাণিজ্যই সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হোৱাই নহয়; সামগ্ৰিকভাৱে চীনৰ ৰপ্তানি ২৭% বৃদ্ধি পাইছে । বিশ্বজুৰি ২০২৬ চনৰ প্ৰথম ছমাহৰ ভিতৰত চীনৰ ৰপ্তানি ১৭.৬% বৃদ্ধি পাই ২.১২ ট্ৰিলিয়ন ডলাৰ হৈছে, যিটো অভিলেখ । বিগত দশকত ভাৰতীয় বজাৰখনো অসংখ্য চীনা ব্ৰেণ্ড আৰু মোবাইল গেমৰ দ্বাৰা উপচি পৰিছে । ভাৰতৰ জনপ্ৰিয় সামগ্ৰীসমূহৰ ভিতৰত আছে চীনত নিৰ্মিত স্মাৰ্টফোন আৰু চীনত নিৰ্মিত মোবাইল ফোন গেম, যিয়ে উভয়ৰে বিকাশত সহায় কৰে । চীনৰ মোবাইল ফোন আৰু গেম ব্যৱহাৰৰ প্ৰকৃত বিপদ হ'ল তথ্যৰ গোপনীয়তা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে আপোচ, লগতে ভাৰতৰ বাণিজ্যিক ভাৰসাম্যত ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ । এআই সম্পৰ্কীয় সামগ্ৰী আৰু সেৱাই চীনৰ ৰপ্তানিৰ ক্ষেত্ৰত সহায় কৰিছে, কিয়নো এআই আন্তঃগাঁথনিৰ চাহিদাৰ ফলত অৰ্ধপৰিবাহী চিপৰ ঐতিহাসিক নাটনি হৈছে আৰু মূল্য বৃদ্ধি পাইছে । পূব এছিয়াৰ কেন্দ্ৰত চীনৰ অৱস্থানৰ লগতে বাণিজ্যিক নেটৱৰ্ক, বৃহৎ উদ্যোগ, উন্নত বন্দৰ আৰু উৎপাদন ক্লাষ্টাৰত প্ৰযুক্তি গ্ৰহণে ইয়াক বিশ্ব যোগান শৃংখলৰ এক গুৰুত্বপূৰ্ণ ন'ড কৰি তুলিছে । তদুপৰি চীনৰ ওপৰত বাণিজ্যিক নিৰ্ভৰশীলতাই ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ আৰু অধিক ভয়াৱহ কৰি তুলিছে । চীন বিৰোধী আৱেগ আৰু চীনৰ সামগ্ৰী বৰ্জন ভাৰতত নিয়মীয়াকৈ বিতৰ্কৰ বিষয় হৈ আহিছে । কিন্তু বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত চীনৰ ওপৰত ভাৰতৰ বাণিজ্যিক নিৰ্ভৰশীলতা অনস্বীকাৰ্য আৰু অনিবাৰ্য । প্ৰতিযোগিতা বৃদ্ধিৰ বাবে উৎপাদন আৰু সমর্থন নীতিসমূহ শক্তিশালী কৰি ব্যৱসায় আৰু বাণিজ্যত কিছু স্বাৱলম্বিতা অর্জন কৰিবলৈ ভাৰতে অহৰহ চেষ্টা চলাই আছে৷ আনহাতে, চৰকাৰে বৈদেশিক বিনিয়োগ নীতিক যুক্তিসংগত কৰি উদ্ভাৱনৰ জৰিয়তে প্ৰযুক্তিগত সামৰ্থ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে । কিন্তু যোৱা দহ বছৰত ভাৰতৰ বাণিজ্যিক নিৰ্ভৰশীলতা ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে, আনহাতে বাণিজ্যিক ভাৰসাম্যহীনতাও বাঢ়িছে । চীনৰ পৰা আমদানি বৃদ্ধি পাইছে, ২০১৪ চনত ৫৪.২ বিলিয়ন ডলাৰৰ পৰা ২০১৯ চনত ৭৪.৮ বিলিয়ন ডলাৰলৈ, আৰু ২০২৪ চনত ১২০ বিলিয়ন ডলাৰ আৰু ২০২৬ চনত ১৪০ বিলিয়ন ডলাৰ হ'ব বুলি প্ৰকল্প কৰা হৈছে । ইয়াৰ বিপৰীতে চীনলৈ ভাৰতৰ ৰপ্তানি বিশেষভাৱে বৃদ্ধি হোৱা নাই; ২০১৪ চনত ১৩.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ২৮.১ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাৰ পিছত ২০২৬ চনত প্ৰায় ১৯.৪৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পায় । আনহাতে ভাৰতে চীনৰ বজাৰত নিজৰ সামগ্ৰীৰ সুবিধা বৃদ্ধিৰ বাবে সংগ্ৰাম কৰি আছে । এই ধাৰাটোৱে চীনৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্কৰ গভীৰ আন্তঃসংযোগ প্ৰতিফলিত কৰে । বাণিজ্য নিৰ্ভৰশীলতা আৰু যোগান শৃংখলৰ দুৰ্বলতাৰ উদ্বেগে ঘৰুৱা সামৰ্থ শক্তিশালী কৰাৰ বাবে মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু উৎপাদন-সংলগ্ন প্ৰৰোচনা আঁচনিৰ দৰে পদক্ষেপক ইন্ধন যোগাইছে যদিও পাৰস্পৰিক বাণিজ্যৰ পৰিসৰে ইংগিত দিয়ে যে চীন এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ হৈয়েই আছে । সেয়েহে ভাৰতৰ দীৰ্ঘম্যাদী কৌশলে বাণিজ্যিক সহযোগিতাৰ জৰিয়তে চীনৰ সৈতে সংযোগৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত ক্ৰমান্বয়ে গুৰুত্ব আৰোপ কৰিছে, একে সময়তে যোগান শৃংখলৰ বৈচিত্ৰ, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু ৰপ্তানি প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰি অত্যধিক নিৰ্ভৰশীলতা হ্ৰাস কৰিছে । এইদৰে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ কৌশল আমদানি প্ৰতিস্থাপনৰ পৰা বিশ্ব বাণিজ্য নেটৱৰ্কৰ সৈতে প্ৰতিযোগিতামূলক ঘৰুৱা সামৰ্থক প্ৰসাৰিত কৰালৈ স্থানান্তৰিত হৈছে । মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু প্ৰডাকচন লিংকড ইনচেণ্টিভ আঁচনিৰ দৰে নিৰ্দিষ্ট পদক্ষেপে প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তি, আৰু ঔষধৰ দৰে কৌশলগত খণ্ডত কিছু সুবিধা প্ৰদান কৰিছে । এই খণ্ডসমূহত ঘৰুৱা ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে । কিন্তু ভাৰত সকলো খণ্ডতে আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ পৰা বহু দূৰত আৰু খাৰুৱা তেল, অৰ্ধপৰিবাহী উপাদান, উন্নত ঔদ্যোগিক প্ৰযুক্তি আৰু উৎপাদন সঁজুলিৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে । এই প্ৰতিবেদনত প্ৰকাশ কৰা মতামতসমূহ কেৱল লেখকৰ আৰু ইয়াত তেওঁ জড়িত সংগঠনটোৰ মতামত বা নীতি প্ৰতিফলিত হোৱাটো বাধ্যতামূলক নহয় । লেখক এম ভেংকটেশ্বৰলু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট মুম্বাইৰ বিত্ত বিভাগৰ অধ্যাপক।
চীনক বৰ্জন এটা সম্ভাৱ্য অৰ্থনৈতিক বাস্তৱ নে কেৱল আকাংক্ষা ?
View on original source
Share
Archive
Like

(0)Comments

 

Related Opinion

A note on cookies

Newshunt uses essential cookies to keep you signed in and to remember your language and country, so the site works the way you expect. With your permission, we'd also like to use analytics cookies to understand how people use Newshunt and improve it over time.

Accepting only affects analytics. To learn more, view our Privacy Policy or Terms & Conditions.